June 30, 2026 12:46 PM | Assam Flood 2026

printer

শেহতীয়া বানত ৰাজ্যৰ ৭ জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্রস্ত

শেহতীয়া বানত ৰাজ্যৰ সাতখন জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্রস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ সাতখন জিলাৰ ১৪ টা ৰাজহচক্ৰৰ ২৫৭ খন গাঁও এই বানত ক্ষতিগ্রস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ ১৭৬ খন গাঁও ক্ষতিগ্রস্ত হৈছে। বর্তমান জিলাখনৰ বান পৰিস্থিতি পূর্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বর্তমানলৈকে বানত ক্ষতিগ্রস্ত প্রায় ১২ হাজাৰ লোকৰ বাবে ৯টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত ছিজি-মাগি ব্লক পইণ্টত ছিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কয়, যে জনসাধাৰণৰ সুৰক্ষাক প্রাধান্য দি চৰকাৰে কাম কৰি যাব।

বানবিধবস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। ধেমাজি জিলাৰ বান পৰিস্থিতি পর্যালোচনা কৰাৰ পাছত কালি জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁই বান ক্ষতিগ্রস্ত পুনৰ সংস্থাপনৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্রহণ কৰিব বুলি প্রকাশ কৰে।

বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ কুৰিখন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ ১৫ খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলন্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে সতর্কবাণী জাৰি কৰিছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোলফ্রী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোলফ্রী নম্বৰকেইটা হ’ল- ১০৭৭ আৰু নিয়ন্ত্রণ কক্ষৰ নম্বৰ ০৩৭৩ ২৩১২৯৪০ আৰু ০৩৭৩ ২৪৫০১০০।

ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ছটা এনিমেল কৰিডৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে।এই পথছোৱাৰে ৪০ কিলোমিটাৰতকৈ অধিক বেগত যান-বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে।

শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুড়িকে ধৰি বান ক্ষতিগ্রস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্রী তথা সাংস্কৃতিক মন্ত্রী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নির্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্রেই কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।