July 27, 2026 10:58 AM | Assam Flood 2026

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত; এতিয়াও ৫ লাখ ২৪ হাজাৰ ৭৩৩ জন লোক ক্ষতিৰ সম্মুখীন

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ৯ খন জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৭৬৩ খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্রতি ৫ লাখ ২৪ হাজাৰ ৭৩৩ জন লোক ক্ষতিৰ সন্মুখীন হৈছে।

বানত কালি চৰাইদেউ জিলাত আৰু দুজন লোকে প্রাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ।

ৰাজ্যখনত এতিয়াও ৩৭,৭২৪ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সর্বাধিক ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীর্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকুওৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈছে।

স্বাস্থ্য বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পর্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকর্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। তদুপৰি স্বাস্থ্যশিবিৰ মুকলি কৰি বানৰ কৱলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্রদান কৰা হ’ব বুলিও তেওঁ প্রকাশ কৰিছে। বান ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্রীসোণোৱালে এই সন্দৰ্ভত কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে।

এই অভূতপূর্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্রস্ত জিলাসমূহৰ দ্রুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্রীসোণোৱালে জানিবলৈ দিয়ে।