ৰাজ্যৰ বান পৰিস্থিতি সামগ্রিকভাৱে উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ ২৫ হাজাৰ ৯০ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে আৰু ৩৯৩.৪৪ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা চাৰিটা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও ১২৯ গৰাকী লোকে আশ্রয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। চলিত বছৰৰ বানত দুজন ব্যক্তিৰ মৃত্যু হৈছে।
ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতর্ক হ’বলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰে’লৱেই কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰে’লপথত প্রভাৱ পেলাব পৰা ৰাজ্যৰ ৩০ টা স্থানক বিপজ্জ্বনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰে’ল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয়, তাৰবাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে। স্পৰ্শকাতৰ ৰে’ললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি ৫০ কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰে’ল ট্রেক নির্মাণৰ সকলো সামগ্রী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্রকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেন চাপৰিৰ ৰে’ল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আৰ ডি এছ অ’ দলে নক্সা প্রস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
ডিব্রুগড় জিলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰস্তাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমর্থিত নথিপত্র পর্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান-ক্ষতিগ্রস্তসকলক পুনৰ সংস্থাপন অনুদান আৰু অন্যান্য ক্ষতিপুৰণ দাবীসমূহ অনুমোদন কৰা হয়।