শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পর্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কয়, যে প্রতিনিধি দলসমূহে জিলা প্রশাসন, জিলা পৰিষদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় সাধন কৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ণ কৰিব।
ইয়াৰ লগতে পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ অধীনস্থ গ্রাম্য পথ, গৃহ নির্মাণ আৰু অন্যান্য সামূহিক আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দলসমূহৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে।
ইফালে বানত বিধবস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক গাঁও আৰু কৃষিভূমি এতিয়াও বানৰ কবলত আছে। শিৱসাগৰ জিলাৰ ৩৮৫ খন গাঁৱৰ ৪ লাখ ৩১৩৪ গৰাকী লোক এই বানত ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১ জন লোকৰ প্ৰাণহানি হৈছে আৰু তিনিজন লোক সন্ধানহীন হৈ আছে।
জিলাখনৰ ২৮ হাজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হোৱাৰ লগতে ৬৪ হাজাৰ পশুধন আৰু ৭৫ হাজাৰ হাঁহ-কুকুৰা ক্ষতিগ্রস্ত হৈছে। অৱশ্যে বানৰ সংহাৰীৰূপৰ ১০ দিনৰ পাছত ক্রমশ শিৱসাগৰ চহৰৰ স্বাভাৱিক পৰিৱেশ ঘূৰি অহা পৰিলক্ষিত হৈছে।