July 28, 2026 12:27 PM

views 84

বানত ক্ষতিগ্রস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সিদ্ধান্ত

শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পর্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কয়, যে প্রতিনিধি দলসমূহে জিলা প্রশাসন, জিলা পৰিষদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় সাধন কৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ণ কৰিব। ইয়াৰ লগতে পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ অ...