যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টীয়ক বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে।
ইয়াৰ অংশ হিচাপে ১ নং খণ্ডীয়া প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম-কাজ পৰিচালনা কৰে। জিলাখনৰ টীয়কৰ ধনতোলা আৰু টীয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়।
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।
বাক্সা জিলাত বি পি এফ দলৰ নীতি নির্ধায়ক সমিতিয়ে উজনিত প্রলয়কাৰী বানত ক্ষতিগ্রস্ত সকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্রী সাহায্য পুঁজিত ৫০ লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়।
শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। বিগত দুদিনমানত নদীসমূহৰ জলন্তৰ হ্ৰাস পোৱাত বানৰ প্ৰকোপ কিছু কমিছে যদিও ভালেমান অঞ্চল পানীৰ তলত আছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি পথৰ লগতে জেঙনিকটীয়াৰ সৈতে সংযোগ স্থাপন কৰা এম আই বৰাপথ, যমুনা ৰোড আদি এতিয়াও পানীত বুৰ গৈ আছে।
দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্রশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্রশাসনে বানপীড়িত লোকসকলক যাবতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে।
জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে ৪৫০০ লিটাৰ গাখীৰ প্ৰেৰণ কৰিছে। মন্ত্রী পীযুষ হাজৰিকাই আজি এই বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।