July 26, 2026 9:02 PM

views 36

বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযানৰ শুভাৰম্ভ

যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টীয়ক বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে ১ নং খণ্ডীয়া প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম-কাজ পৰিচালনা কৰে। জিলাখনৰ টীয়কৰ ধনতোলা আৰু টীয়ক চাহ বাগি...