শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত বিধবস্ত হোৱা প্ৰতিটো নামঘৰ পুনৰনিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ডেৰ লাখ টকাকৈ অনুদান আগবঢ়াব। অসম দৰ্শন আঁচনিৰ জৰিয়তে এই ধন প্ৰদান কৰা হ’ব ।
প্রাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্রস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবেও অর্থসাহায্য প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক ১৫ হাজাৰ টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰিছে সেয়া অন্তৱৰ্তীকালীন সাহায্যহে। পৰৱৰ্ত্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদিৰ ক্ষতিৰ বাবেও অতিৰিক্ত অর্থসাহায্য প্ৰদান কৰা হ’ব। অহা ৭ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম আৰম্ভ হ’ব। এই জৰীপৰ ভিত্তিতেই তালিকা প্রস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্টযোগে ধন দিব। ইফালে, মহিলা উদ্যমিতা আঁচনিৰ অধীনত যিসকলক ইতিমধ্যে ১০ হাজাৰ টকাকৈ দিয়া হৈছিল তেওঁলোকক স্বনিৰ্ভৰ কৰ্মৰ অগ্ৰগতিৰ আধাৰত দ্বিতীয় পর্যায়ত ৰাজ্য চৰকাৰে ২৫ হাজাৰকৈ অতিৰিক্ত ধন দিয়াৰ কথা আছিল। বানত ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হোৱা এনে মহিলাৰ বাবে এখন নতুন আঁচনি শীঘ্ৰেই ৰাজ্য চৰকাৰে মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বানত হোৱা ক্ষতি সম্পর্কে মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি এইবাৰৰ বানত ১৯টা ৰাজহ চক্ৰৰ এহেজাৰ ১৩১খন গাঁৱৰ ৯ লাখ ৯৬ হাজাৰ ৬৬গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। প্রশাসনে মুকলি কৰা ১৮৫টা শিবিৰত বৰ্তমানে ৬৭ হাজাৰ ৬৯৭ গৰাকী লোকে আশ্রয় লৈ আছে। ইফালে, জিলাকেইখনৰ মুঠ ৩৯৭টা অংগনবাড়ী কেন্দ্ৰ আৰু ৫৯৮খন বিদ্যালয়ৰ লগতে বহু চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে। লোকনিৰ্মাণ বিভাগৰ ৪৫টা পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ১৬টা ইতিমধ্যে মুকলি হৈছে আৰু বাকী পথবোৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কামো ক্ষিপ্ৰ গতিত চলি আছে। বান শিবিৰসমূহলৈ ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে খাদ্যসামগ্ৰী যোগান ধৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে বানপীড়িতসকললৈ বিশেষ কিট বা টোপোলা দিয়াৰ কথা উল্লেখ কৰে। ইফালে, বানপীড়িত জিলাসমূহত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বেংক একাউণ্টযোগে আঢ়ৈ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাঠ্যপুথি ক্ৰয়ৰ বাবে উচ্চ মাধ্যমিকৰ শিক্ষাৰ্থীক এহেজাৰকৈ, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩ হাজাৰ তথা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাসকলৰ বাবে ৫ হাজাৰ টকাকৈ দিয়াৰ বাবে বিশেষ তালিকা প্ৰস্তুত কৰি থকা হৈছে।