অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২ খন জিলাৰ ৮৫৬ খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে।
বানৰ ফলত কালি আৰু ১৪ জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ছজন, চৰাইদেউত ৭ জন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১ হৈছেগৈ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৫৬ হাজাৰ ৬০৬ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা ৯৬ টা আশ্রয় শিবিৰত ১ লাখ ১৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।