কেন্দ্ৰীয় চৰকাৰৰ ৬গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰ্যালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্রস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰে।
এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়-ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয়, যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূর্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয়-ক্ষতি হৈছে। ১৯ জুলাইত নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে প্ৰকাশ কৰে। তেওঁলোকে কয়, যে সেই দিনটোত নাগালেণ্ডৰ মোককচাঙত ৪৯৩ শতাংশ, ৱখাত ১০৮ শতাংশ আৰু মন জিলাত ৪৫ শতাংশ বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে।
উজনি অসমৰ জিলা কেইখনত বান ক্ষয়-ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্রতিবেদন শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃমন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি আশ্বাস দিয়ে।