July 30, 2026 7:22 PM | Assam Flood

printer

ৰাজ্যৰ বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰৰ ৯ লাখ টকাকৈ সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালীখুটিত একেটা পৰিয়ালৰ ৩ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক ৯ লাখ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। ইয়াৰে ৪ লাখ টকা অনুকম্পমূলক পুঁজি আৰু ৫ লাখ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা প্ৰদান কৰা হ’ব। ইয়াৰ লগতে বানত নিৰুদিষ্ট হৈ থকা ব্যক্তি সকলৰ ক্ষেত্ৰতো সমপৰিমানৰ অনুদানৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত ৩০ জন ব্যক্তিৰ পৰিয়ালক এই ৯ লাখ টকা প্ৰদান কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।