July 24, 2026 10:23 AM
41
ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল। নিহতৰ সংখ্যা ৪৭লৈ বৃদ্ধি
অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১১ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্রাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ ৮৮৩ খন গাঁৱৰ ৭ লাখ ২১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৭ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৫,৩৭৫ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত ...