অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰৱল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ প্রশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতর্কতা জাৰি কৰিছে। এন এইছ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘূনাখুঁটি, আদিখুঁটি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে। ঘূনাখুঁটি অঞ্চলৰ নাহৰণি আৰু আদিখুঁটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং উৰিয়ামতলা, বালিভেটা, মাধৱপুৰ আদি গাঁৱতো বানে প্রলয়ৰ সৃষ্টি কৰিছে। জিলাখনৰ ভালেমান অঞ্চলৰ শস্য পথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে।
ইপিনে, সোৱণশিৰি নদীৰো জলন্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্রদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলন্তৰৰ ফলত ধন জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্রশাসনে এই সতর্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে।