June 28, 2026 7:39 PM | Assam Flood

printer

অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীৰ ভয়ংকৰ ৰূপ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ-নদীসমূহৰ পানী বিপজ্জনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

চিমেন নদীৰ বিধবংসী বানে  নৈখনৰ ওপৰত থকা ৰে’ল দলঙৰ এটা অংশ খহাই নিয়াত দলঙখনেৰে ৰেল যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই ৰেল বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

ইফালে, ডিমৌ গাওঁ পঞ্চায়তৰ অন্তৰ্গত উজ্জলপুৰৰ ৬০ টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্রতি এছ ডি আৰ এফ এ উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভূবন পেগুৱে প্রকাশ কৰিছে। তদুপৰি চিমেন নৈৰ ধলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্রদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।