August 7, 2026 10:22 AM | cm on requitment

printer

অহা ৫ বছৰত নিকা ব্যৱস্থাৰে ২ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা ৫ বছৰত ২ লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে। 

গুৱাহাটীত হোৱা নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি শিক্ষার্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়, যে ভাৰত তথা অসমত কৰ্ম সংস্থাপনৰ সুবিধা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সংস্থাপন পাবৰ বাবে শিক্ষার্থীসকলকে নিজক উপযুক্ত কৰি তুলিব লাগিব।

 তেওঁ কয়, যে চৰকাৰে নতুনকৈ যি ২ লাখ পদত নিযুক্তি দিব, তাৰ ভিতৰত লেবৰেটৰী টেক্‌নিচিয়ান, জি এন এম, এ এন এম আদি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন থকা পদৰ সংখ্যাই প্ৰায় ২২ হাজাৰ হ’ব। ইফালে, অসমত বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোত আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, যে বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি নাথাকিলে সমাজ আগবাঢ়িব নোৱাৰে। তদুপৰি বিজ্ঞান শাখাত পঢ়া ছাত্ৰ-ছাত্ৰী নিয়োগৰ সম্ভাৱনাও আন শাখাতকৈ অধিক হয়।

 পূৰ্বৰ চৰকাৰে ধনৰ লেনদেনেৰে চাকৰি দিয়াৰ প্ৰসংগটো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে যোৱা ৫ বছৰত যোগ্য ১ লাখ ৬০ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে আৰু এইসমূহ নিযুক্তিত দুৰ্নীতিৰ এটাও ঘটনা পোহৰলৈ অহা নাই। এইবাৰৰ নিযুক্তি প্রক্রিয়াও পূৰ্বৰ দৰেই সম্পূৰ্ণ নিকা হ’ব বুলি তেওঁ নিশ্চিত কৰে। দৰিদ্ৰ, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়নৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ মাজেৰে সমাজলৈ ৰূপান্তৰ আনিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।