August 7, 2026 10:22 AM

views 3

অহা ৫ বছৰত নিকা ব্যৱস্থাৰে ২ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা ৫ বছৰত ২ লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে।  গুৱাহাটীত হোৱা নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি শিক্ষার্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়, যে ভাৰত তথা অসমত কৰ্ম সংস্থাপনৰ সুবিধা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সংস্থাপন পাবৰ বাবে শিক্ষার্থীসকলকে নিজক উপযুক্ত কৰি তুলিব লাগিব।  তেওঁ কয়, যে চৰকাৰে নতুনকৈ যি ২ লাখ ...