বিশেষ নিযুক্তি অভিযান চমুকৈ SRD-ৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা, অসমৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়।
বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেহে এই মাহত দৰমহা প্ৰদানত সামান্য বিলম্ব হৈছে। দুই-এদিনৰ ভিতৰতে শিক্ষকসকলে পূৰ্বৰ দৰেই দৰমহা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এতিয়াৰে পৰা শিক্ষকসকলৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ হৈ কোষাগাৰৰ মাধ্যমেৰে তেওঁলোকৰ একাউণ্টত জমা হ’ব।
পূর্বে জিলা কোষাগাৰৰ পৰা দৰমহা লাভ কৰা শিক্ষকসকলে এইবাৰ দিছপুৰ কোষাগাৰৰ জৰিয়তে দৰমহা পাব। তেওঁ লগতে কয়, যে দৰমহাৰ শিতান বা নিয়মীয়া কৰ্মচাৰী হিচাপে লাভ কৰি অহা সুবিধাসমূহত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। শিক্ষকসকলে আগৰদৰেই সকলো চৰকাৰী সা-সুবিধা লাভ কৰিব বুলি তেওঁ কয়।