August 7, 2026 10:04 AM

views 27

SRDৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাইঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

বিশেষ নিযুক্তি অভিযান চমুকৈ SRD-ৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা, অসমৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়।  বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেহে এই মাহত দৰমহা প্ৰদানত সামান্য বিলম্ব হৈছে। দুই-এদিনৰ ভিতৰতে শিক্ষকসকলে পূৰ্বৰ দৰেই দৰমহা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয...