ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১২ আগষ্ট পর্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু ১২ আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ৰাজ্য দুখনত কাইলৈ আৰু ১১ আগষ্টত দুই-এজাক বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে। বিভাগটোৱে লগতে ১০ আগষ্টলৈ অসম আৰু মেঘালয়ৰ ঠাইবিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।
বতৰ বিজ্ঞান বিভাগে ১২ আগষ্টলৈ অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি সকিয়াই দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণৰ ফলত দ এলেকাত পানী জমা, পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু যান-বাহন চলাচল ব্যাহত হোৱাৰ সম্ভাৱনালৈ চাই জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ সকিয়াই দিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৫ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাইবিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।