August 7, 2026 10:30 AM
33
অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ১২ আগষ্টপর্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১২ আগষ্ট পর্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু ১২ আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য দুখনত কাইলৈ আৰু ১১ আগষ্টত দুই-এজাক বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে। বিভাগটোৱে লগতে ১০ আগষ্টলৈ অসম আৰু মেঘালয়ৰ ঠাইবিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বতৰ বিজ্ঞান বিভাগে ১২ আগষ্টলৈ অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু...