August 7, 2026 10:08 AM | cm on roads

printer

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ’বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

 ইফালে, কেন্দ্রীয় মন্ত্ৰীসভাই কালি অসমৰ বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ তেজপুৰলৈ যোৱা ১৩৫ দশমিক ৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিটা লেনযুক্ত পথলৈ উন্নীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮ হাজাৰ ৯৭০ কোটি টকা ব্যয় কৰিব। 

এই আধুনিক ঘাইপথ নিৰ্মাণৰ ফলত গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাত্ৰাৰ সময় বৰ্তমানৰ প্ৰায় চাৰে ৩ ঘণ্টাৰ মিনিটৰ পৰা মাত্ৰ এঘণ্টা ৭০ মিনিটলৈ হ্ৰাস পাব। লগতে ব্যৱসায়-বাণিজ্য, পর্যটন, কৃষি, উদ্যোগ আৰু শিক্ষা তথা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। 

ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে ।