August 7, 2026 10:08 AM

views 3

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ'বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।  ইফালে, কেন্দ্রীয় মন্ত্ৰীসভাই কালি অসমৰ বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ তেজপুৰলৈ যোৱা ১৩৫ দশমিক ৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাই...