আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত অসম বৈভৱ সন্মানেৰে সন্মানিত, বিশিষ্ট চকু বিশেষজ্ঞ ডাঃ হর্ষ ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰলৈ ফোন কৰি চকু বিশেষজ্ঞগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।
Assamese | October 31, 2026 12:28 PM | Dristripaat
আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ডাঃ হর্ষ ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ