October 3, 2026 11:56 AM

views 10

আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত আজি পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্রামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙিয়াই ।

September 17, 2026 1:07 PM

views 9

আকাশবাণীত শনিবাৰে নিশা দৃষ্টিপাতত জুবিন মনন শীর্ষক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

September 3, 2026 7:47 PM

views 13

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা ড০ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা ৫ ছেপ্তেম্বৰ, শনিবাৰে নিশা ৮ বাজি দুই মিনিটত উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ড০ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিব জিণ্টী ৰাণী ডেকাই ।

July 31, 2026 12:10 PM

views 18

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ -এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠা...

July 18, 2026 7:15 PM

views 17

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ' বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্র গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ৯৪৩৫৪-০৫২২৩ আৰু ০৩৬১-২৬৬১৮৭৬ এই দুটা নম্বৰত ফোন কৰি সমল...

July 4, 2026 12:17 PM

views 20

আকাশবাণীৰ দৃষ্টিপাতত আজি ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা' বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ- সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ- সঞ্চালক ডাঃ অক্ষয়ভট কেশৰীয়ে। শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰ...

June 12, 2026 11:54 AM

views 31

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা অসমত শান্তিচুক্তিৰ এটা দশক শীর্ষক আলোচনা প্ৰচাৰ

আকাশবাণী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত অসমত শান্তিচুক্তিৰ এটা দশক শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, প্রাক্তন মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

January 23, 2026 6:45 PM

views 59

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ 'দৃষ্টিপাত' অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত 'মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিন্টী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

January 16, 2026 12:30 PM

views 70

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিল্পী দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফে'চবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব।...

January 2, 2026 12:37 PM

views 44

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভবিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্রযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।