October 24, 2026 3:41 PM

views 5

আজি নিশা ৮ বাজি ২ মিনিটত  আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ওস্তাদ বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰপ্ৰাপ্ত অসমৰ লোকসংগীত শিল্পী হীৰকজ্যোতি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব৷

October 23, 2026 12:49 PM

views 7

আকাশবাণী ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ হীৰকজ্যোতি শৰ্মা আৰু দিলীপ হীৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ওস্তাদ বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰপ্ৰাপ্ত অসমৰ লোকসংগীত শিল্পী হীৰকজ্যোতি শৰ্মা আৰু দিলীপ হীৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰলৈ ফোন কৰি শিল্পী দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।

October 22, 2026 1:07 PM

views 18

অহা শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত হীৰকজ্যোতি শৰ্মা আৰু দিলীপ হীৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ওস্তাদ বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰপ্ৰাপ্ত অসমৰ লোকসংগীত শিল্পী হীৰকজ্যোতি শৰ্মা আৰু দিলীপ হীৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰলৈ ফোন কৰি শিল্পী দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ...

October 17, 2026 11:54 AM

views 109

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ ‘বহনক্ষম উন্নয়নৰ বাবে স্থানীয় সামগ্ৰী ব্যৱহাৰৰ পোষকতা’ সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘বহনক্ষম উন্নয়নৰ বাবে স্থানীয় সামগ্ৰী ব্যৱহাৰৰ পোষকতা' বিষয়ক এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল’ব CARE U 365 নামৰ সংস্থাৰ মুৰববী তথা সমাজসেৱী ভৃগু বৰঠাকুৰ আৰু বজাৰ বিশ্লেষক বিতোপন মজুমদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই ৷ শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।

October 3, 2026 11:56 AM

views 19

আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত আজি পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্রামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙিয়াই ।

September 17, 2026 1:07 PM

views 13

আকাশবাণীত শনিবাৰে নিশা দৃষ্টিপাতত জুবিন মনন শীর্ষক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

September 3, 2026 7:47 PM

views 20

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা ড০ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা ৫ ছেপ্তেম্বৰ, শনিবাৰে নিশা ৮ বাজি দুই মিনিটত উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ড০ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিব জিণ্টী ৰাণী ডেকাই ।

July 31, 2026 12:10 PM

views 21

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ -এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠা...

July 18, 2026 7:15 PM

views 21

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ' বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্র গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ৯৪৩৫৪-০৫২২৩ আৰু ০৩৬১-২৬৬১৮৭৬ এই দুটা নম্বৰত ফোন কৰি সমল...

July 4, 2026 12:17 PM

views 23

আকাশবাণীৰ দৃষ্টিপাতত আজি ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা' বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ- সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ- সঞ্চালক ডাঃ অক্ষয়ভট কেশৰীয়ে। শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰ...