আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ওস্তাদ বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰপ্ৰাপ্ত অসমৰ লোকসংগীত শিল্পী হীৰকজ্যোতি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব।
শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব৷