আকাশবাণী ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ হীৰকজ্যোতি শৰ্মা আৰু দিলীপ হীৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ওস্তাদ বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰপ্ৰাপ্ত অসমৰ লোকসংগীত শিল্পী হীৰকজ্যোতি শৰ্মা আৰু দিলীপ হীৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব।

শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰলৈ ফোন কৰি শিল্পী দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।