আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানত ভাগ ল’ব স্বচ্ছ ভাৰত মিছন গ্রামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙিয়াই ।
Assamese | October 3, 2026 11:56 AM | Dristripaat
আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত আজি পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত আলোচনা প্ৰচাৰ