উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰৰ উদ্যোগত দেশৰ প্ৰথমটো প্ৰ’টন থেৰাপী প্রকল্প ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। এই উদ্দেশ্যে আজি দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰ আৰু আই বি এ পার্টিকল থেৰাপী ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত প্ৰ’টন বীম থেৰাপী কেন্দ্ৰ স্থাপনৰ এখন চুক্তিত স্বাক্ষৰ কৰা হ’ব। ৬০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ বাবে বিশ্ব বেংকে ৩১৫ কোটি টকাৰ পুঁজি আগবঢ়াব। এই প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীসকলৰ বাবে অত্যাধুনিক ৰেডিয়েচন থেৰাপীৰ সুবিধা প্ৰদানৰ লগতে ৰাজ্যত কৰ্কট ৰোগ নিৰাময়ৰ পৰ্যায়ভিত্তিক চিকিৎসা সেৱা শক্তিশালী কৰিব। অসমত স্থাপন হ’বলগীয়া প্ৰ’টন থেৰাপী প্ৰকল্পৰ চুবুৰীয়া ৰাজ্য আৰু দেশসমূহৰ বাবে ৰেফাৰেল কেন্দ্ৰ হিচাপে সেৱা আগবঢ়োৱাৰ উপৰি চিকিৎসা পদার্থ বিজ্ঞান, ৰেডিয়েচন অংক’লজী আৰু গৱেষণাৰ ক্ষেত্ৰত দক্ষতা বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে ।
Assamese | October 31, 2026 1:15 PM
অসম চৰকাৰৰ উদ্যোগত দেশৰ প্ৰথমটো প্ৰ’টন থেৰাপী প্রকল্প ৰূপায়ণৰ পৰিকল্পনা