অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১১ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্রাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে।
সাম্প্ৰতিক বানত ৰাজ্যখনৰ ৮৮৩ খন গাঁৱৰ ৭ লাখ ২১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৭ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৫,৩৭৫ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে।
প্রশাসনে ক্ষতিগ্রস্ত জিলাসমূহত ১০৩টা আশ্রয় শিবিৰ আৰু ২৫৫টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্রয় শিবিৰসমূহত ২৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সর্বাধিক ক্ষতি হৈছে। জিলা তিনিখনৰ পৰিস্থিতি এতিয়াও জটিল হৈ আছে।
শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ ৩০০ খন গাঁও ক্ষতিগ্রস্ত হৈছে। দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ ৩ লাখ ৭৫ হাজাৰ লোক ক্ষতিগ্রস্ত হৈছে। জিলাখনত কালি বানত পৰি চাৰিজন লোকে প্রাণ হেৰুৱায়। ৫ হাজাৰ ১৯৭ হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্রশাসনে জিলাখনত ১২৪ টা সাহায্য শিবিৰ আৰু ১৮১টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে।
শিবিৰসমূহত ১৪,৭৮৮জন লোকে আশ্রয় লৈ আছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ু সেনা বাহিনী, অগ্নি নির্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। জিলাখনৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে।
যোৰহাট জিলাত বানৰ ফলত ১ লাখ ১৫ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্রশাসনে সু-ব্যৱস্থা গ্রহণ কৰিছে। প্রশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে।
জিলাখনৰ আশ্রয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল-ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ১ লাখ ৮৬ হাজাৰ লোক বানৰ কবলত আছে। জিলাখনত কালি বানৰ ফলত দুজন লোকে প্রাণ হেৰুৱায়।
গোলাঘাট জিলাত নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা ১ বজাৰ তথ্য অনুসৰি প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ ৩২২.৬৯ মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্রশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰৰ পানী এৰি দিয়া হৈছে বুলি প্রকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে নামনিৰ ঠাইসমূহত কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।