ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহান আৰু কিৰেন ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ড০ ৰবি কোটাই কয়, যে ৰাজ্যত বৰ্তমানলৈকে ৭৫ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্রস্ত ধেমাজি জিলাত প্রায় ৫০ হাজাৰ লোক বানৰ কবলত পৰাৰ লগতে বানত এজন লোকৰ মৃত্যু হৈছে।
জিলাখনত ৮ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে, উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে।
শ্ৰীকোটাই লগতে কয়, যে ধেমাজি জিলাত স্থাপন কৰা ৬টা আশ্রয় শিবিৰত বৰ্তমানেও প্ৰায় এহেজাৰ লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্রায় ৫৯টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে।
একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় ৭ হাজাৰ হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় এহেজাৰ ৩৮০ হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে।
পর্যালোচনা বৈঠকত কেন্দ্রীয় মন্ত্রী শ্রীচৌহানে কয়, যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তর্বর্তী প্রতিবেদন দাখিল কৰা হ’ব। ৰাজ্য দুখনৰ বানত ক্ষয়-ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।