অৰুণাচল প্ৰদেশৰ নবগঠিত কেয়ী পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তর্গত নীপকো প্রকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। নীপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নীপকো কলনীৰ সমীপৰ এখন নির্মিয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্র গতিত সোমাই অহা পানীয়ে কমেও ১৮ টা আবাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এই ঘটনাত এতিয়ালৈকে ৭ গৰাকী লোক সন্ধানহীন হৈ আছে।
ইপিনে, অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানলৈ চাই হাই এলার্ট জাৰি কৰিছে। প্রশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশৰ য়াজালি অঞ্চলত ৭২ দশমিক ৮ মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা ৬ৰ পৰা ৯ বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ এখন গে’ট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতর্কতা জাৰি কৰা হৈছে। এই প্রভাৱ পৰ্য্যায়ক্রমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতর্ক বাণীত উল্লেখ কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ মর্মে মুখ্য সচিব ড০ ৰবি কোটাই সংশ্লিষ্ট সকলো কর্তৃপক্ষৰ সৈতে কথা-পাতিছে আৰু তেওঁলোকক সতর্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্রশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতকর্তামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুকালীন সঁহাৰি সংস্থাসমূহক প্রয়োজন হ’লেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে।
ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নির্দেশ দিয়া হৈছে। একেদৰে দ’ আৰু বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতর্ক হৈ থাকিবলৈ আৰু প্রয়োজনসাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোৱাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কৱলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাবে নির্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ’লে ৬০০০-১৮৮-৬২৮ নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে।