ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত দুই লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় ১০০ খন গাঁও সম্পূৰ্ণৰূপে আৰু ২৩০ খন গাঁও আংশিকভাৱে নদীত যাহ গৈছে।
তদুপৰি প্ৰায় ৩৯ হাজাৰ লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত ১০ বছৰত বানত ৫৭ লাখ ৫৬ হাজাৰ ৭০০ বিঘা কৃষি ভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বান আৰু খহনীয়াত প্ৰায় ২৩ হাজাৰ ৩৬০ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।
ইপিনে বৰপেটাৰ সত্ৰ আৰু থানসমূহৰ ভূমি সংৰক্ষণ তথা দখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী শ্ৰী মহন্তই কয়, যে অসমৰ সত্ৰ আৰু থানসমূহৰ চাৰিসীমাৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনা-খিলঞ্জীয়া লোকৰ দ্বাৰা ভূমি হস্তান্তৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলিত বিধানসভাৰ অধিৱেশনতে এখন বিধেয়ক দাখিলৰ প্রস্তুতি চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
বিধায়ক আবুল কালাম ৰছিদ আলমে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণৰত বিজ্ঞান কেন্দ্ৰসমূহৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কয়, যে বৰ্তমান বাক্সা, বিশ্বনাথ, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই, ওদালগুৰি, শোণিতপুৰ, হাইলাকান্দি আৰু শ্ৰীভূমিকে ধৰি ১১টা জিলা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। ইতিমধ্যে আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত বিজ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি শ্ৰী মহন্তই জানিবলৈ দিয়ে।