July 10, 2026 6:49 PM
3
ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত ২ লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত
ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত দুই লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় ১০০ খন গাঁও সম্পূৰ্ণৰূপে আৰু ২৩০ খন গাঁও আংশিকভাৱে নদীত যাহ গৈছে। তদুপৰি প্ৰায় ৩৯ হাজাৰ লোকক খহনীয়াৰ বাবে স্থানান্...