July 25, 2026 12:01 PM | Assam Flood

printer

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়, বানত ৬১জনৰ প্ৰাণহানি

অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২ খন জিলাৰ ৮৫৬খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। 

এইবাৰৰ বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু ১৪ জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ৬জন, চৰাইদেউত ৭ জন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১ হৈছেগৈ ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৫৬ হাজাৰ ৬০৬ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত ১ লাখ ১৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।

উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে।

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ চাৰিখন স্পীলৱে গে’ট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গে’টেৰে প্ৰতি ছেকেণ্ডত প্ৰায় ২ লাখ ১১ হাজাৰ লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাত মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্রশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

  বান প্রভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কর্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে