August 7, 2026 6:44 PM | Assam Flood

printer

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ-নদীৰ জলস্তৰ বৃদ্ধি

চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ-নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্রতিক বানত ৪৮১ খন গাঁৱৰ ১ লাখ ৬৮ হাজাৰৰো অধিক লোক প্রভাৱিত হোৱাৰ উপৰি ১৪,৩৮২ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্য মতে ৰাজ্যত ৫০ টা সাহায্য শিবিৰ আৰু ৮৩ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰ সক্রিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত ১০ সহস্রাধিক লোকে আশ্রয় লৈ আছে।

ইপিনে, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্রীভূমি আৰু গোলাঘাট জিলাৰ বাবে অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে।

বান সমস্যাৰ সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই ১০ হাজাৰ কোটিৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে। সংগঠনটোৱে আজি এখন সংবাদমেলত ইয়াৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি আৰু যমুনা দখলমুক্ত কৰাৰ উপৰি নাগালেণ্ডৰ অবৈধ কয়লা খনন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।