August 10, 2026 1:24 PM | Assam Flood

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, মুৰব্বী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্রভাবিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩.৪৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ হৈছেগৈ।

আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি, কৰদৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে চিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ ছটা ৰাজহ চক্ৰৰ ১৪৫ খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দৈয়াং নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে।

ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্রস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দর্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নির্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম সম্পূর্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নির্দেশ দিয়া হৈছে।

যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্রশাসনে বান প্রভাবিত এলেকাৰ ৬৬ খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন ১৫ আগষ্ট পর্যন্ত বৃদ্ধি কৰিছে।

ইপিনে ৰাজ্যত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব।