সাম্প্ৰতিক বানত ৰাজ্যৰ ৯৫ জন লোকৰ প্রাণহানি

বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্রতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ৩৮টা ৰাজহ চক্ৰৰ ৫৬৩ খন গাঁৱৰ ১৬ হাজাৰ ৯৫১ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ৬০ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ ৬টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি পাইছে।

ইপিনে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিধু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতর্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে ২০০৪ চনৰ পৰা ভূটানে কুৰিধু বান্ধৰ জলৰাশি এৰি অহাৰ ফলত এই জিলাকেইখনত বান সমস্যাই দেখা দিছে। বঙাইগাঁও জিলাতো মানাহ আৰু আই নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জিলাখনত সতর্কতাবাণী জাৰি কৰিছে।

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পর্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ চাৰিখন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয়-ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পর্কে আলোচনা কৰা হয়।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এন ডি আৰ এফৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্রস্ত লোকক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে ৪ খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ ৭ আৰু ৮ আগষ্টত বিষয়া- কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ’ব আৰু ৯ আগষ্টত জৰীপ আৰম্ভ হ’ব।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পর্যন্ত অসমত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই এন ডি আৰ এফৰ নীতি শিথিল কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্রধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্রতিশ্রুতি দিয়ে। তেওঁ লগতে অসমত বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দ্রুতগতিত চলি থকা কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে।

কেন্দ্রীয় মন্ত্রী নাড্ডাই কালি খহনীয়া ক্ষতিগ্ৰস্ত নাগালেণ্ডৰ মন জিলা ভ্ৰমণ কৰি ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ স্বাস্থ্য মন্ত্রী অশোক সিংহলো উপস্থিত থাকে।

মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ কৱলত পৰা লোকসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সহায়ৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল’ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ’ব।