অসমত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সম-জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ডিমৌৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে।
গড়গাঁও পঞ্চায়তৰ দুই নম্বৰ ৰামু গাঁৱৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হয়। সমজিলা আয়ুক্ত লুকুমণি বৰাই প্রকাশ কৰা মতে জৰীপৰ বাবে ৮০ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। বানত ক্ষতিগ্রস্ত বাসগৃহ, পশুধন আৰু অন্যান্য সামগ্ৰীৰ জৰীপ ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়।
৩০ ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্রস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্রী বিমল বৰাই শিৱসাগৰৰ নামডাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্রস্ত লোকসকলক চৰকাৰে সৰ্বাধিক ৩ লাখ ৫০ হাজাৰ টকালৈ সাহায্য প্রদান কৰিব বুলি জানিবলৈ দিয়ে।
বানৰ ফলত বাসগৃহ ক্ষতিগ্রস্ত হোৱা লোকসকলে ১ লাখ ২০ হাজাৰ টকা সাহায্য হিচাপে লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
মন্ত্রী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত আৰম্ভ হোৱা বানৰ ক্ষয়ক্ষতিৰ জৰীপ কাৰ্যৰ তদাৰক কৰে। ইপিনে কেন্দ্ৰীয় ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলা বিজেপিৰ সহযোগত জিলাখনৰ বান ক্ষতিগ্রস্ত অঞ্চললৈ সাহায্য সামগ্রী বিতৰণ কৰে। বান প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে অসমৰ চাৰিগৰাকী সাংসদে নিজাববীয়াকৈ সাহায্য আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।
যোৰহাট জিলাত ক্ষয়ক্ষতিৰ জৰীপ সম্বন্ধে উল্লেখ কৰি তেওঁ কয়, যে জিলাখনত ২৮৮ খন গাঁও বানৰ কবল পৰিছে। জিলাখনত ১ লাখ ৬৬ হাজাৰৰো অধিক লোক বানৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে বুলি তেওঁ উল্লেখ কৰে।
স্বাস্থ্য মন্ত্রী অশোক সিঙহালে কয় যে বানৰ পৰৱৰ্তী সময়ছোৱাত কৃষকসকলৰ স্বাস্থ্য সুৰিক্ষত ৰখাৰ বাবে বিভিন্ন ঠাইত স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। শিৱসাগৰৰ চকীমুখত আজি আয়োজিত এটা শিবিৰত শিশুসকলক হাত পৰিষ্কাৰকৈ ধোৱা সন্দৰ্ভত প্রশিক্ষণ দিয়া হয়।
উল্লেখযোগ্য যে, ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১২ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৬০ খন গাঁৱৰ ১,৪৭,৩৭৪ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০৫৯৯.৮৯ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ হৈছেগৈ।