ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি

বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে।

সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে।

বানত ৩৮টা ৰাজহ চক্ৰৰ ৫৬৩ খন গাঁৱৰ ১৬ হাজাৰ ৯৫১ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ৬০ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ ৬টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি পাইছে।

ইপিনে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰি বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতর্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

বঙাইগাঁও আৰু চিৰাং জিলা কৰ্তৃপক্ষই জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিষয়াসকলে প্রকাশ কৰা মতে মঙলবাৰে নিশা প্ৰায় ১ বজাৰ পৰা কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে।

আজি পুৱাৰ ভাগৰ পৰা এৰি দিয়া পানীৰ পৰিমাণ হ্ৰাস কৰা হৈছে যদিও আই আৰু মানাহ নৈৰ জলপৃষ্ঠ এতিয়াও বাঢ়ি আছে। বঙাইগাঁও জিলা প্রশাসনে বান প্ৰৱণ আৰু নৈপৰীয়া এলেকাৰ লোকসকলক প্ৰয়োজনীয় সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে।