পৰম্পৰাগত ৰীতি-নীতিৰে আজি কৰম পূজা উদযাপন

চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা উদযাপন কৰিছে। চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সংপৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্যৰ উৎকৃষ্ট নিদর্শন বুলি শ্রীমতী মুৰ্মুৱে বৰ্ণনা কৰে।

তেওঁ কয়, যে এই উৎসৱে সকলোকে প্রকৃতিক সুৰক্ষা দিবলৈ আৰু সমন্বয়েৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্রকাশ কৰে।

অসমতো চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্রধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ চাগ বাগিছাসমূহত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰম পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয়, যে কৃষিভিত্তিক উৎসৱ কৰম পৰ্বই প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অনন্য পৰিচয় দিয়ে।

শস্য নদন-বদন হোৱা আৰু কৃষি কাৰ্যৰ বাধা-বিঘিনি আঁতৰি শস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। এই পৱত কৰম গছৰ ডাল আনি বিশেষ পূজা-অৰ্চনা কৰা হয়। মাদলৰ চেৱত ঝুমুৰ নাচ আৰু লোকগীতেৰে উখল-মাখল হৈ পৰে।