ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কালি অনুষ্ঠিত অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে পোলেও, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলেও এই বৈঠকত অংশ গ্ৰহণ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়।

ভাৰত আৰু V4 গোটৰ মাজত সংযোগ শক্তিশালী কৰা সন্দৰ্ভত মন্ত্ৰীসকলে মত বিনিময় কৰে। এই দেশসমূহ নেতৃবৃন্দই ভাৰতৰ সৈতে থকা নিজ দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পর্ক স্বীকাৰ কৰাৰ লগতে V4 প্লাচ ভাৰত ফৰমেটে এই সম্পৰ্কক অধিক গতি দিয়াৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, স্থিতিস্থাপক যোগান শৃংখল, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সংযোগ, শিক্ষা, গতিশীলতা আৰু জনসাধাৰণৰ মাজত বিনিময় আদিৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগ সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰীসকলে বিশ্ব আৰু আঞ্চলিক উন্নয়ন, শান্তি আৰু নিৰাপত্তা, বহুপক্ষীয় মঞ্চত সহযোগিতাৰ দৃষ্টিভংগী আদান-প্ৰদান কৰে।

মন্ত্ৰালয়ে কয় যে, এই বৈঠকে ভাৰত আৰু V4 ৰাষ্ট্ৰগোটৰ মাজত বৈদেশিক মন্ত্ৰী পৰ্যায়ত সংযোগ স্থাপনৰ এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে চিহ্নিত কৰিছে। V4 প্লাচ ইণ্ডিয়া ফ্ৰমেটে V4 দেশসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি আলোচনা আৰু সহযোগিতাৰ বাবে এখন অতিৰিক্ত মঞ্চ প্ৰদান কৰে৷

V4 প্লাচ ভাৰত গোট হৈছে কূটনৈতিক আলোচনাৰ এক আৰ্হি, যিয়ে ভাৰত আৰু V4 প্লাচ ৰাষ্ট্ৰসমূহ এটা গোট। মধ্য ইউৰোপীয় ৰাষ্ট্ৰ প’লেও, হাংগেৰী, শ্লভাকিয়া আৰু চেক গণৰাজ্যক ই একত্ৰিত কৰিছে। V4 গোট হৈছে সামৰিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু শক্তিবিষয়ক সহযোগিতা আগবঢ়াই নিয়াৰ লক্ষ্যৰে গঢ়ি তোলা এক সাংস্কৃতিক আৰু ৰাজনৈতিক মিত্রতা।