October 6, 2026 5:42 PM
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ’পিয়ালৈ ৰাওনা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ'পিয়ালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে তিনিওখন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে নেতাসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, উন্নয়নমূলক সহযোগিতা, সামৰ্থ নিৰ্মাণ আৰু জনসাধাৰণৰ সম্পৰ্ককো সামৰি লোৱা হ’ব। মন্ত্ৰী ড০ জয়শংকৰে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত-বিনিময় কৰিব...