October 6, 2026 5:42 PM

views 2

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ’পিয়ালৈ ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ'পিয়ালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে তিনিওখন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে নেতাসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, উন্নয়নমূলক সহযোগিতা, সামৰ্থ নিৰ্মাণ আৰু জনসাধাৰণৰ সম্পৰ্ককো সামৰি লোৱা হ’ব। মন্ত্ৰী ড০ জয়শংকৰে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত-বিনিময় কৰিব...

September 29, 2026 4:57 PM

views 10

ভাৰত-চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউৱৰ্কত এছীয় সমাজে আয়োজন কৰা এটা অনুষ্ঠানত দিয়া ভাষণত ড০ জয়শংকৰে কয় যে সীমান্ত সম্পৰ্কীয় বিষয় নিষ্পত্তি হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক উন্নত হবলৈ ধৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি আৰু দীৰ্ঘদিনীয়া বিবাদে অচলাৱস্থা কোনো ৰাষ্ট্ৰৰ হিতৰ হকে কাম নকৰে। ভাৰত আমেৰিকাৰ সম্পৰ্ক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়ো দেশে এই চুক্তি সন্দৰ্ভত ...

September 22, 2026 4:05 PM

views 31

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কালি অনুষ্ঠিত অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে পোলেও, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলেও এই বৈঠকত অংশ গ্ৰহণ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। ভাৰত আৰু V4 গোটৰ মাজত সংযোগ শক্তিশালী কৰা সন্দৰ্ভত মন্ত্ৰীসকলে মত বিনিময় কৰে। এই দেশসমূহ নেতৃবৃন্দই ভাৰতৰ সৈতে থকা নিজ দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পর্ক স্বীকাৰ কৰাৰ লগতে V4 প্লাচ ভাৰত ফৰমেট...

September 2, 2026 5:58 PM

views 21

৩দিনীয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ইউক্রেন আৰু পোলেণ্ডলৈ যাব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউক্রেন আৰু পোলেণ্ডলৈ যাব। এই ভ্রমণকালত ড° জয়শংকৰে ইউক্ৰেনৰ বিদেশ মন্ত্ৰী আন্দ্ৰী ছিবিহা আৰু পোলেণ্ডৰ উপ প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ৰাডোস্লাভ ছিক'ৰক্সিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰা মতে, এই ভ্ৰমণকালত দেশ দুখনৰ সৈতে দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ এই ভ্রমণে আঞ্চলিক ঘটনাক্ৰম আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয...

January 6, 2026 1:45 AM

views 49

৬ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ছদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড° জয়শংকৰে ভ্ৰমণৰ প্ৰথম দিনতে পেৰিছত চি ক্বী চে ট্রামে-ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনীলৈ যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্রদর্শনীয়ে ভাৰতৰ বস্ত্ৰ ঐতিহ্য আৰু সৃজনীশীলতাক প্ৰতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্ধোনৰ কথাও সোঁৱৰাই দিছে। উল্লেখযোগ্য যে এই ভ্ৰমণকালত ড° জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃস্থানীয় লোকসকলক দেখা কৰাৰ লগতে ফ্ৰান্স...

October 27, 2025 7:47 PM

views 86

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কোৱালালামপুৰত আজি আছিয়ান সন্মিলন, ২০২৫-ত ভাগ লোৱাৰ সুযোগতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ কৰে। ড° জয়শংকৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক আদৰণি জনায়। শ্ৰী জয়শংকৰে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকাৰ ক্ষেত্ৰত কৰা পোষকতাৰ বাবে প্ৰশংসা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আজি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্ক ৰুবিয়কো সাক্ষাৎ কৰে। দ্বিপা...

September 30, 2025 11:44 AM

views 75

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। মন্ত্রী ড০ জয়শংকৰে শেহতীয়াকৈ নিযুক্তি দিয়া উচ্চায়ুক্তৰ প্ৰতি শুভেচ্ছা জনাই কয়, যে এয়া এক আদৰণীয় পদক্ষেপ। ড০ জয়শংকৰৰ এই সাক্ষাৎ আছিল ৮০ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চ পৰ্যায়ৰ বৈঠকসমূহৰে অংশবিশেষ। এই বৈঠকৰ সুযোগতে মন্ত্ৰী ড০ জয়শংকৰে দ্বিপাক্ষিক আৰু বহুপাক্ষিক কেইবাখনো বৈঠকত সক্রিয় অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মন্...

July 14, 2025 2:43 PM

views 71

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ...

June 10, 2025 9:27 PM

views 87

ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সঁকিয়নি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ সঁকিয়াই দিছে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ পেহেলগামত হোৱা আক্ৰমণৰ দৰে পাকিস্তানে যদি কোনো ধৰণৰ প্ৰৰোচনাত পৰি ভাৰতক পুনৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে, তেন্তে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। মন্ত্ৰীজনে আমেৰিকাৰ এখন ডিজিটেল বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এইদৰে প্ৰকাশ কৰে। ড০ জয়শংকৰে লগতে কয়, যে চীনে পাকিস্তানৰ সৈতে থকা আত্মীয়তাৰ আঁৰত সন্ত্ৰাসবাদৰ পোষকতা কৰিব নোৱাৰে। তেওঁ লগতে কয়, যে সন্ত্...

March 20, 2025 3:48 PM

views 62

সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছেঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত আনুষ্ঠিত চি আই আই ইণ্ডিয়া-এল এ চিৰ অভিৱৰ্তনত ভাষণ দিয়ে। গোলকীয় অৰ্থনীতিৰ বিভিন্ন প্রেক্ষাপটৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পাৰ হৈ যোৱা সময়ছোৱাত দেখা দিয়া চাপ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছে। কোভিড-১৯ মহামাৰী আৰু ইয়াৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱৰ ফলত উন্নয়নশীল দেশসমূহ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে উল্লেখ কৰি ড০ জয়শংকৰে কয় যে ইয়াৰ ফলত বহনক্ষম উন্নয়নৰ...