বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউক্রেন আৰু পোলেণ্ডলৈ যাব। এই ভ্রমণকালত ড° জয়শংকৰে ইউক্ৰেনৰ বিদেশ মন্ত্ৰী আন্দ্ৰী ছিবিহা আৰু পোলেণ্ডৰ উপ প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ৰাডোস্লাভ ছিক’ৰক্সিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰা মতে, এই ভ্ৰমণকালত দেশ দুখনৰ সৈতে দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ এই ভ্রমণে আঞ্চলিক ঘটনাক্ৰম আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয়লৈ মত-বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিছে।