ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউৱৰ্কত এছীয় সমাজে আয়োজন কৰা এটা অনুষ্ঠানত দিয়া ভাষণত ড০ জয়শংকৰে কয় যে সীমান্ত সম্পৰ্কীয় বিষয় নিষ্পত্তি হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক উন্নত হবলৈ ধৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি আৰু দীৰ্ঘদিনীয়া বিবাদে অচলাৱস্থা কোনো ৰাষ্ট্ৰৰ হিতৰ হকে কাম নকৰে।
ভাৰত আমেৰিকাৰ সম্পৰ্ক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়ো দেশে এই চুক্তি সন্দৰ্ভত বুজাবুজিত উপনীত হৈছে ড° জয়শংকৰে কয় যে ভাৰতবৰ্ষৰ সমাজখনে ক্ষুদ্র উৎপাদক, ক্ষুদ্ৰ কৃষি উৎপাদক আৰু লঘু উদ্যোগসমূহক সামৰি লৈছে।
তেওঁ কয় যে ভাৰত আৰু আমেৰিকা জনমূৰী ব্যৱধানৰ উপৰি উৎপাদন আৰু সমাজৰ স্বৰূপ সম্পূর্ণ পৃথক। তেওঁ কয় যে বাণিজ্যিক আলোচনাৰ বাবে ধৈৰ্য আৰু বিস্তৃত ব্যাখ্যাৰ প্ৰয়োজন। এই প্ৰসংগতে ড০ জয়শংকৰে ভাৰতৰ সন্ত্ৰাসবাদৰ বিষয়টো উল্লেখ কৰে।