বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। মন্ত্রী ড০ জয়শংকৰে শেহতীয়াকৈ নিযুক্তি দিয়া উচ্চায়ুক্তৰ প্ৰতি শুভেচ্ছা জনাই কয়, যে এয়া এক আদৰণীয় পদক্ষেপ। ড০ জয়শংকৰৰ এই সাক্ষাৎ আছিল ৮০ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চ পৰ্যায়ৰ বৈঠকসমূহৰে অংশবিশেষ। এই বৈঠকৰ সুযোগতে মন্ত্ৰী ড০ জয়শংকৰে দ্বিপাক্ষিক আৰু বহুপাক্ষিক কেইবাখনো বৈঠকত সক্রিয় অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মন্ত্রী জয়শংকৰে কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টিনিঅ’ গুটাৰেচ আৰু ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী ৰাজকুমাৰ ফেজল বিন ফাহানৰ সৈতেও আলোচনাত মিলিত হয়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে AT THE HEART OF DEVELOPMENT – AID, TRADE & TECHNOLOGY শীর্ষক এখন আলোচনা চক্রতো ভাগ লয়। পৰিৱৰ্তিত বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ড০ জয়শংকৰে কয়, যে প্রযুক্তি, বহু-মেৰুকৰণ, আত্মনিৰ্ভৰশীলতা, দক্ষিণ-দক্ষিণৰ সহযোগিতা আদিসমূহ একেটা বিষয়ৰে অংশ, যিয়ে প্রত্যহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰে। উল্লেখযোগ্য যে নিউয়র্কত অনুষ্ঠিত ৮০ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ খাতিৰত ভাৰতে সদায় দায়বদ্ধতাৰে কাম কৰি যাব বুলি প্ৰকাশ কৰে।
Assamese | September 30, 2025 11:44 AM | Dr. S Jayshankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ