বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত আনুষ্ঠিত চি আই আই ইণ্ডিয়া-এল এ চিৰ অভিৱৰ্তনত ভাষণ দিয়ে। গোলকীয় অৰ্থনীতিৰ বিভিন্ন প্রেক্ষাপটৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পাৰ হৈ যোৱা সময়ছোৱাত দেখা দিয়া চাপ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছে। কোভিড-১৯ মহামাৰী আৰু ইয়াৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱৰ ফলত উন্নয়নশীল দেশসমূহ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে উল্লেখ কৰি ড০ জয়শংকৰে কয় যে ইয়াৰ ফলত বহনক্ষম উন্নয়নৰ লক্ষ্যও ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে।
Assamese | March 20, 2025 3:48 PM | Akashvani News | Dr. S Jayshankar
সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছেঃ ড০ এছ জয়শংকৰ