ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৪৯৪টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আর্থিক সাহায্য প্রদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই সাহায্য মুকলি কৰে। সংবাদমেলত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ আঢ়ৈ লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ ১১ কোটি ৩০ লাখ টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ড০ শর্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পুনৰনিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰিব।
মুখ্যমন্ত্ৰীয়ে বানত সম্পূৰ্ণ ৰূপে ক্ষতি হোৱা বাসগৃহ তথা পশুধনৰ মৃত্যুৰ ফলত হোৱা জনজীৱনৰ দুৰ্ভোগ আৰু দিখৌৰ বানৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব বুলি জানিবলৈ দিয়ে।