ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
ৰাজ্যৰ ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৩৭০খন গাঁৱৰ ৭৭ হাজাৰ ৫৪২ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ৯, ৯০৮.৮৫ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।
বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৩ হৈছেগৈ।