মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন কৰ্মচাৰী বীমা নিগম চিকিৎসালয়— ই এছ আই চি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।
ৰাজ্যৰ শ্রম মন্ত্ৰী লালিংল’ভা মা’ৰে কেন্দ্ৰীয় শ্ৰম আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ লগতে মিজোৰামত শ্রমিক কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ কয়, যে শ্রমিক কল্যাণ ব’ৰ্ডৰ অধীনত মিজোৰামত গৃহ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনি নির্মাণ বৃদ্ধি পাইছে।
শ্রম মন্ত্ৰীগৰাকীয়ে লগতে এখন ই এছ আই চি চিকিৎসালয় স্থাপনেৰে ৰাজ্যবাসীক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ মিজোৰামৰ বিশেষ প্রয়োজনসমূহৰ কথা অনুধাৱন কৰি ই এছ আই চি-ৰ পঞ্জীয়নৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি চালিজাৰি চাবলৈও মন্ত্ৰীগৰাকীক আহ্বান জনায়। কেন্দ্রীয় মন্ত্রী মন্দাভিয়াই মিজোৰামৰ শ্ৰম মন্ত্ৰীগৰাকীৰ এই আহ্বান, বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে।
মিজোৰামৰ মন্ত্ৰীগৰাকীয়ে লগতে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় সাহায্য বৃদ্ধি কৰিবলৈ আহ্বান জনায়। শ্রীমন্দাভিয়াই এই বিষয়টো বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে।