উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী তথা উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।
অধিবেশনত পৰ্যটন, কৃষি আৰু উদ্যানশস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিড’ৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত-হস্তশিল্প, গাখীৰ, কণী, মাছ-মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অর্জনক লৈ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব।
অধিৱেশনত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰ, মুখ্যমন্ত্রী কনৰাড কে চাংমা, ড’নাৰ ৰাজ্যমন্ত্ৰী সুকান্ত” মজুমদাৰ, কেন্দ্রীয় গৃহসচিব গোবিন মোহন আৰু ডনাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে ১৯৭১ চনৰ উত্তৰ-পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্রহণৰ ক্ষেত্ৰত সর্বোচ্চ কর্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
আজিৰ অনুষ্ঠানত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ড’নাৰ ৰাজ্য মন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব।